52
মঙলদৈঃ সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ বাতিল কৰাৰ দাবীত দৰং জিলাৰ মঙলদৈত অনশন কাৰ্যসূচী পালন কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰং জিলা সমিতিয়ে বুধবাৰে পুৱাৰে পৰা অনশনত বহি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী, মহিলা নেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ মানি লোৱা নহ’ব বুলি কয়৷