নগাঁওঃ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই শেহতীয়াভাৱে সংঘটিত কৰা এক নাভূত-নাশ্ৰুত কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে৷ জানিব পৰা মতে, সমষ্টিটোৰ জাজৰিৰ মাজগাঁওস্থিত জোনাকী ক্ষেত্ৰত অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান স্বৰ্গীয় কলেশ্বৰ ডেকা জাতীয় ন্যাসে ‘বটদ্ৰৱা বিশেষভাৱে সক্ষম বিদ্যালয়’ নামেৰে এখনি শিক্ষানুষ্ঠান স্থাপনৰ মানসেৰে দেওঁবাৰে ইয়াৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ আয়োজন কৰিছিল৷
সেই অনুসৰি আধাৰশিলা স্থাপন কৰিবৰ বাবে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাক তেওঁৰ সন্মতি সাপেক্ষে নিমন্ত্ৰণ কৰা হৈছিল ৷ আনকি পূৰ্বে ব্যস্ততাৰ বাবে বিধায়িকাগৰাকীৰ কথা মতে দুবাৰকৈ তাৰিখ পিছুৱাই শেষত দেওবাৰে বিধায়িকাগৰাকীয়ে উক্ত অনুষ্ঠানত উপস্থিত থকাৰ নিশ্চিতি প্ৰদান কৰাত উদ্যোক্তা সকলে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলে।