Home ৰাজ্যবিধায়ক অশোক শৰ্মাৰ ওপজা দিন উদযাপন

বিধায়ক অশোক শৰ্মাৰ ওপজা দিন উদযাপন

by News Desk
54 views
A+A-
Reset

নলবাৰীঃ নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই শুকুৰবাৰে ৫০ সংখ্যাক জন্মদিন পালন কৰে। অসমীয়া সংস্কৃতিৰ সাজ পোছাক ধূতি-কূৰ্তা পিন্ধি  প্ৰথমে নলবাৰী চহৰৰ শান্তি নিবাস অনাথ আশ্ৰমলৈ গৈ আৱাসী সকলৰ খা-খবৰ লোৱাৰ লগতে তেওঁলোকৰ মাজত ফলমূল বিতৰণ কৰে।

ইয়াৰ পিছতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বালিলেছা কালী মন্দিৰ আৰু নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত উপস্থিত হৈ সেৱা জনাই। পিছত মন্দিৰ পৰিচালনা সমিতিয়ে বিধায়কগৰাকীক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সম্বৰ্ধনা জনায়। তদুপৰি নলবাৰীৰ বৰবৰীৰ গ্ৰাম্য বিকাশ মঞ্চত উপস্থিত হোৱাত মঞ্চৰ কৰ্তৃপক্ষই বিধায়কগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে বিজেপি দলৰ নেতা-কৰ্মী, তথা নলবাৰীৰ দল-সংগছন তেওৰ জন্ম দিনৰ শুভেচ্ছা যাচে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0