গোৰেশ্বৰঃ ৰাজ্যৰ বহু ঠাইৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগা হৈছে৷ ৰাজ্য চৰকাৰে পৰ্যাপ্ত সহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই গোৰেশ্বৰৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িতক সাহায্য আগবঢ়ায়৷
ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰি ৰাইজে ককবকাই থাকিব লগা হৈছে৷ বিধায়কগৰাকীয়ে বান বিধ্বস্ত গাঁৱৰ দুৰ্গত ৰাইজৰ খবৰ লোৱাৰ লগতে শুক্লাই নদীৰ প্ৰবল বানত ক্ষতিগ্ৰস্ত হোৱা নাটকুছি, বগৰীবাৰী, বনবাৰী আদি গাঁৱলৈ গৈ আজি বিধায়কগৰাকীয়ে বান সাহায্য বিতৰণ কৰে৷