মাৰ্ঘেৰিটাঃ যোৱা ১ এপ্ৰিলৰ পৰা ৰাজ্যত এতিয়া অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জনকল্যাণকামী আঁচনি অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলৰ চিকিৎসাৰ সাহায্য সহায়ৰ বাবে চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷
দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ খনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷ হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কৰ ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগৰ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷