গুৱাহাটীঃ সততে বিতৰ্কত থাকি ভাল পোৱা ৰহা সমিষ্টৰ বিজেপিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ কন্যাই ভাবুকি দিলে newsnextone.comৰ কামপুৰস্থিত সাংবাদিকক। কিছুদিন পূৰ্বে নগাওঁ জিলাৰ কঠীয়াতলীৰ খণ্ড উন্নয়নৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ অভিযন্তাক ভৰিত ধৰিবলৈ বাধ্য কৰোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ নিজ কন্যাৰ বাবে বিতৰ্কত সোমাই পৰিছে বিধায়কজন। 

উল্লেখ্য যে বাহকাবাৰী মজলীয়া বিদ্যালয়ৰ ওচৰতে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে মাইক লগাই বিজেপিয়ে ৰাজহুৱা সভা অনুষ্ঠিত কৰাকলৈ সংবাদদাতাজনে এটি সংবাদ পৰিৱেশন কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে আৰু এখন মজলীয়া বিদ্যালয়ৰ ওচৰতে বিদ্যালয় খোলা থকা সময়তে বিজেপিয়ে ৰাজহুৱা সভা আয়োজন কৰাক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰাত সংবাদদাতাজনে ৰাজহুৱা স্বাৰ্থত পৰিৱেশন কৰিছিল উক্ত বাতৰিটো। 

ইয়াৰ পাছতে বিধায়ক কন্যা GYANASHREE KAIBARTTAই সাংবাদিকজনক বিজেপিৰ Negative News নকৰিবলৈ ফেচবুক যোগে সকীয়নি প্ৰদান কৰে। বিধায়ক কন্যাৰ লগতে কেবাজনো কৰ্ম-কৰ্তাই তেওঁ পৰিৱেশন কৰা বাতৰিটো বাতৰিয়েই নহয় আৰু ভৱিষ্যতে তেনে বাতৰি কৰিলে কথা বিষম হ'ব পাৰে বুলি কয়।

মন কৰিবলগীয়া যে, বিধায়ক কন্যাগৰাকীয়ে সভাখনত ছাউণ্ড-ছিষ্টেম ব্যৱহাৰ কৰা নহয় বুলি সাংবাদিকজনক দিয়া পৰামৰ্শমূলক মেছেজটোত উল্লেখ কৰিছিল যদিও আজি তাৰ বিপৰীত দৃশ্যহে দেখা যায়। ফলত বিদ্যালয়খনত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় শিক্ষক-শিক্ষয়িত্ৰীসকল।

এই সন্দৰ্ভত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। ঘটনাটোক এন এছ ইউ আইৰ সম্পাদক মানৱ জ্যোতি দাসেও গৰিহণা দিয়ে।