নগাঁওঃ নগাঁও জিলাৰ কাকমাৰীত প্ৰধানমন্ত্ৰী জন দৰদী আঁচনিৰ অন্তৰ্গত জীৱন জ্যোতি বীমা যোজনাৰ চেক হিতাধিকাৰীক প্ৰদান কৰা হয় ৷ অসম গ্ৰামীণ বিকাশ বেংকৰ কাকমাৰীস্থিত গ্ৰাহক সেৱা কেন্দ্ৰত সমাজকৰ্মী পুলিন বৰদলৈৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত কৰা হয় ৷
গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক নোমল হাজৰিকাৰ বিশেষ ব্যৱস্থাপনাত অনুস্থিত সভাখনত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি লিলি শইকীয়া বৰা নামৰ হিতাধিকাৰী গৰাকীক জীৱন জ্যোতি বীমা যোজনাৰ দুই লাখ টকাৰ চেকৰ লগতে বেংকৰ পাছবুক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷