তুলসীবাৰীঃ ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা সমনীয়া৷ মানুহে মানুহৰ বাবে৷’ আপুনি কেতিয়াবা গুৱাহাটী মহানগৰ, নলবাৰী নতুবা ৰঙিয়ালৈ গৈছে নে৷ তেন্তে পদপথত নতুবা বাছ আস্থানত এনেকৈ জুবিন গাৰ্গ, ভুপেন হাজৰিকাৰ লগতে বিৰহৰ গান গাই থকা এগৰাকী দৃষ্টিহীন যুৱকক দেখা পাব৷ পদপথত বিৰহৰ গানৰ লগতে পেডেল মাৰি মাৰি, ভূপেন হাজৰিকাৰ বুকু হম হম কৰে, মানুহে মানুহৰ বাবে আদি গীত গাই দুই এটকা সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে তেওঁ৷ তেওৰ নাম হিতেশ দাস৷ তেওঁ দৃষ্টিহীন দৰিদ্ৰ যদিও তেও গানৰ ধনী৷ তেওঁ তেও গান গাই গাই চলায় এখন পৰিয়াল৷
এহালি চকুৰ কিমান প্ৰয়োজন? বেলি কিদৰে উদয় হয়, জোনাকৰ স্নিগ্ধতা কেনে, অথবা ঢৌময় নদীৰ আকৰত লিখা থাকে কিহৰ ঠিকনা- সেয়াই হয়তো জানিবলৈ প্ৰয়োজন এযুৰি চকুৰ৷ কিন্তু যি প্ৰকৃততেই অন্ধ, তেৱোঁ দেখি পায় অনুভৱৰ দৃষ্টিৰে বহু ছবি৷ চকুৰে নেদেখা মানেই ঈশ্বৰৰ অভিশাপ নহয়৷ চকুৰে নেদেখা মানেই দুৰ্ভগীয়া কোনো নহয়৷