newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নীত যোৱা ডেৰ বছৰে এটি পুথি পুথিভঁৰালৰ নিৰ্মাণৰ কাম সমাপ্ত কৰিব নোৱাৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মৰিয়নীৰ নিউ সোণোৱাল চাহ বাগিচাৰ ১৪নং লাইনত বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ মাতৃৰ সোঁৱৰণত এটা পুথিভঁৰাল স্থাপন কৰাৰ বাবে ডেৰ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিছিল৷
বিধায়ক পুঁজিৰ পৰা ধনৰ আৱণ্টন দিছিল বিধায়ক কুৰ্মীয়ে৷ বিগত ডেৰ বছৰে পুথিভঁৰালৰ কাম আজিলৈ সম্পূৰ্ণ নহ’ল৷ গৃহটোৰ প্ৰায় খিনি কাম সম্পূৰ্ণ হ’ল যদিও দুৱাৰ-খিৰিকী নলগোৱাকৈ থাকিল৷ মৰিয়নী নগৰৰ পৰা ১ কিঃ মিঃ নিলগৰ নিউ সোণোৱাল চাহ বাগিচাত মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ মাতৃৰ সোঁৱৰণত পুথিভঁৰালৰ বাবে বিধায়ক পুজিৰ ধন আৱণ্টন দি এতিয়া পুথিভঁৰালৰ কাম সম্পূৰ্ণ হৈছে নে নাই তাৰ খবৰ লবলৈ আহৰি নোহোৱা হৈছে৷ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শাসকীয় পক্ষক প্ৰতিটো কামতে ব্যাপক সমালোচনা কৰে যদিও নিজৰেই স্বৰূপটো ওলাই পৰিছে পুথিভঁৰালটোৰ জৰিয়তে৷