মৰিগাঁওঃ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ লোভত পৰিছে ৰাজ্য চৰকাৰৰ বহুকেইজন বিধায়ক৷ ৰাইজৰ সেৱাতকৈ ক্ষমতাক অগ্ৰাধিকাৰ দিয়া এই বিধায়কসকলৰ সাংগো-পাংগোয়ে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে৷ তাৰ কাৰণ হ’ল দুদিন পূৰ্বে ঘোষিত হোৱা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ৷ ৰাজ্য চৰকাৰৰ নৱ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিছিল ছুম ৰংহাং, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পিয়ুষ হাজৰিকা, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম, তপন গগৈ আৰু ভৱেশ কলিতাই৷ ইয়ৰে দুজন মন্ত্ৰী মিত্ৰজোঁট অগপ আৰু বিপিএফৰ৷
কিন্তু ইয়াৰ পিছতেই শাসকীয় বিজেপিত প্ৰতিবাদৰ টো উঠে ৷ বিজেপিৰ দুজন বিধায়কে দলীয় দায়িত্ব আৰু নিকাই নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে৷ এক প্ৰকাৰ বিজেপিৰ ভিতৰচৰাত ধুমুহাৰ সৃষ্টি হয়৷ সমানে সমানে বিজেপিৰ সহযোগী দলৰ মন্ত্ৰীৰ পদ কৰ্তন কৰাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷