মৰিয়নীঃ ছাত্ৰীৰ মাজত চাহ জনজাতি উন্নয়ণ ব’ৰ্ডে চৰকাৰী চাইকেল বিতৰণ নকৰাক লৈ আজি খৰ্গহস্ত হৈ উঠে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ইয়াক লৈ বিধায়ক কুৰ্মীয়ে চাহ জনজাতি উন্নয়ণ মন্ত্ৰী পল্লৱ লোচন দাসক জাতিদ্ৰোহী বুলি আখ্যা দিয়ে।
উল্লেখ্য যে মৰিয়নীৰ নকচাৰীত চৰকাৰী চাইকেল বিতৰণ নকৰি চাহ জনজাতি উন্নয়ণ বৰ্ডে গুদামত পেলাই থোৱাক লৈ আজি ছাত্ৰী তথা অভিভাৱকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।
২০১৫-১৬ ৰ্বষত চাহ আৰু প্ৰাক্তন জনজাতি চাহ উন্নয়ণ বৰ্ডে পুৰ্বে চাইকেল লাভ কৰিবলগীয়া ছাত্ৰীৰ এখন তালিকা প্ৰকাশ কৰি পাছত তালিকাখন বাতিল কৰে৷ বিধায়ক কুৰ্মীয়ে চাহ জনজাতি উন্নয়ন মন্ত্ৰী দাসক জাতিদ্ৰোহী আখ্যা দি পুৰ্বৰ তালিকা বাতিল নকৰিবলৈ সকীয়াই দিয়ে ৷
মন্ত্ৰী দাসে এই তালিকা বাতিল কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সকীয়নি প্ৰদান কৰে কংগ্ৰেছ বিধায়কজনে৷ চাইকেলসমূহ বিতৰণ নকৰাত আজি ছাত্ৰী আৰু অভিভাৱকে পথ অৱৰোধ কৰাৰ লগতে মহকুমা জনকল্যাণ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।