হোজাইঃ চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাস অসম মুলুক এৰি বাহিৰত নিৰাপদ আশ্ৰয় লৈছে বুলি প্ৰকাশ পোৱাৰ সময়তে গোটেই ঘটনাটোক নতুন ৰূপ দিয়াৰ বাবে ফৰ্মূলা উলিয়াইছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।

স্পৰ্শকাতৰ বিষয়টোক লৈ সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ অযু্ক্তিকৰ যেন লগা মন্তব্য আগবঢ়াইছে বিধায়কজনে৷

বুধবাৰে হোজাইৰ নতুন বজাৰস্থিত ছহিদ বেদীৰ সন্মুখত আমাৰ হোজাই নামৰ এটা বেচৰকাৰী সন্থাৰ চিলাপথাৰ কাণ্ডৰ তদন্ত বিচাৰি অনুষ্ঠিত প্ৰতিবাদী অনশন কাৰ্যসূচীত এক আচহুৱা মন্তব্য কৰে বিধায়কজনে।

বিধায়কজনৰ যুক্তি-এখন হাতেৰে কেতিয়াও তালি নাবাজে৷ কেৱল ইমানেই নহয়, আৰু এখোজ আগুৱাই শিলাদিত্যই সাংবাদিকক এখন হাতেৰে আক্ষৰিক অৰ্থত তালি বজাই দেখুৱাবলৈ কয়।