59
মাৰ্ঘেৰিটাঃ এখন জিলাৰ নাগৰিকে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ জিলা খনত ইচ্ছা গলেই উগ্ৰপন্থীয়ে মানুহক গুলীয়াই হত্যা কৰিব পাৰে, অপহৰণ কৰিব পাৰে, ৰাজ পথত গাড়ী জ্বলাই উগ্ৰপন্থীয়ে নিৰ্বেঘ্নে আতৰি যাব পাৰে৷ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত কৰি গৈছে৷ হয়, তিনিচুকীয়া জিলাৰ কথাকে কৈছে৷
