চৰাইদেউঃ কলেজীয়া ছাত্ৰীক হোটেললৈ নি মৰমৰ চলেৰে মোবাইলত সমগ্ৰ অৱয়ব আৱদ্ধ কৰি পলমকৈ হ’লেও বিপদত পৰিল আতিকুল হুছেইন নামৰ লোকজন। জানিব পৰা মতে, দুষ্ট বুদ্ধিত পাকৈত আতিকুলে নাম সলনি কৰি নিজকে অভিজিৎ গগৈ বুলি পৰিচয় দি দিন দিয়েক পূৰ্বে নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক এখন বিশেষ হোটেললৈ লৈ যায়।
হোটেললৈ নি শিৱসাগৰ জেঙনীকটীয়াৰ আতিকুলে ছাত্ৰীগৰাকীক শীতল পানীয়ত উত্তেজক দ্ৰব্য মিহলাই খাবলৈ দি অনৈতিক কাৰ্য সংঘটিত কৰে। তাতেই ক্ষান্ত নাথাকি নাম সলনি কৰা আতিকুলে সমগ্ৰ ঘটনাৰ এম এছ এছ ৰাজহুৱা কৰি দিয়ে।