তেজপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত শোণিতপুৰ জিলাৰ ভিন্ন স্থানত সোমবাৰে একাধিক দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা সদৰ তেজপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিধেয়কৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষা সমিতিৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাই।

এই প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় ৰাইজেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে বিধেয়কখন বাতিল নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে।