newsnextone.com | তেজপুৰঃ ৰাজ্যৰ বহু বিতৰ্কিত এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ কন্যাই ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শোণিতপুৰ জিলাত তথা তেজপুৰ লোকসভা সমষ্টিত৷ বিজেপি নেতা তথা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ কন্যাই পিতৃৰ প্ৰভাৱ খটুৱাই অসম লোকসেৱা আয়োগত চাকৰি লোৱাৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক চৰ্চা আৰম্ভ হৈছে শোণিতপুৰ জিলা তথা তেজপুৰ লোকসভা সমষ্টিত৷ সাংসদ হৈ থকা কালত তথা নিজ দলৰ চৰকাৰ থকাৰ পিছতোঁ নিজ সমষ্টিৰ শিক্ষিত নিৱনুৱাক কোনো দিনে ঘুৰি নোচোৱা আৰপি শৰ্মাই নিজ কন্যাক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰিত নিয়োগ কৰিছিল বুলি পূৰ্বৰ পৰাই অভিযোগ উত্থাপন হৈ আহিছে৷

টকা দি যোগ্য মেধা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি কেন্দ্ৰত নিজ দলৰ চৰকাৰ থকাৰ সময়ত বিজেপি নেতাই নিজৰ কন্যা-আত্মীয়ক সংস্থাপিত কৰিছিল বুলি অভিযোগ আজিৰ নহয়৷ তেজপুৰৰ সাংসদ আৰপি শৰ্মাই নিজেই সাংসদ হোৱাৰ সুবাদতে ৰাজ্যৰ তদনীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত কন্যাক চাকৰি দিছিল বুলি অভিযোগ উত্থাপন হয়৷ সেই সময়ৰ বিৰোধী বিজেপি দলে অসম লোকসেৱা আয়োগৰ চাকৰি লবলৈ পিছ পৰি থকা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ কংগ্ৰেছৰ দিনত বিজেপি দলৰো কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয়ই চাকৰি লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ আনহাতে নলবাৰীৰ কংগ্ৰেছৰ নেতা তথা বহুবল্কী প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাই নিজ দলৰ চৰকাৰৰ শাসন কালত নিজ পুত্ৰক চাকৰি দিয়া ঘটনাই নীলমনি সেন ডেকাৰ গৃহ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ অসম লোকসেৱা আয়োগৰ বৃহৎ কেলেংকাৰীত নীলমনিৰৰ পুত্ৰ ৰাজৰ্ষিৰ নাম খাঙুৰ হৈ পৰাত তথা আৰক্ষীৰ পৰা বাছিবলৈ আত্মগোপন কৰা ঘটনাই বিশেষ চৰ্চাৰ লাভ কৰিছিল নলবাৰীত যদিও পিছত আত্মসমৰ্পণ কৰিছিল। 

পূৰ্বে ৰাজনৈতিক প্ৰভাৱশলী তিনিগৰাকী বিষয়া আৰু আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ সহ এতিয়ালৈ আৰক্ষীয়ে ৰাজনেতাৰ পৰিয়ালৰ ৪ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ নেতা নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদৈউ আৰু গীতালি দলেক এতিয়ালৈ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে৷

তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ কন্যাক বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰ লোকসভা সমষ্টিত৷ সকলো সময়তে আনৰ দোষ বিচাৰি পৰামৰ্শ দিয়া সাংসদগৰাকীৰ নিজ কন্যাই টকাৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজ লোকসভা সমষ্টিত৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা লোকসভাৰ বৰ্ষাকালীন অধিবেশনত সাংসদ আৰ পিয়ে ব্যস্ত থকাৰ সময়তে কন্যাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা হয়৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহি উত্তীৰ্ণ হোৱা ১৯ ৰাজপত্ৰিত বিষয়াক পুনৰ গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে৷ কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ বাবে মাতি গ্ৰেপ্তাৰ কৰে বিষয়াসকলক৷ আত্মগোপন তথা পলায়ন কৰাৰ আশংকা কৰিয়েই কাহিলীপাৰাত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷

২০১৬ চনত নিযুক্তি লাভ কৰা ১৯ জনকৈ APS-ACS বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই৷ বুধবাৰে দুপৰীয়া অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা যায়৷ আটাইকেইজনে বুধবাৰে কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত হস্তাক্ষৰৰ নমুনা প্ৰদান কৰাৰ কিছু সময় পিছতে গ্ৰেপ্তাৰ কৰা বুলি স্পষ্ট কৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী আধীক্ষকে৷ 

বুধবাৰে পুৱাৰে পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ একপ্ৰকাৰ লানি লাগে APS-ACSৰ৷ বিলাসী গাড়ীত উঠি আহি লাজ অভিমান কাটি কৰি কাৰ্যালয়ত সোমাই বিষয়াসকলে৷ ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ এটা কোঠাত এজন এজনকৈ সোধ-পোছ কৰাৰ লগতে হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷

গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন আৰু লীনা কৃষ্ণ কাকতি, গুলছন দাউলাগাপু, পল্লবী শৰ্মা, ভাৰ্গৱ ফুকন, সুৰঞ্জীতা হাজৰিকা, উত্পল ভূঞা, বৰ্ণালী দাস, সুখভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰণপী, মোস্তাফা আহমেদ বৰভূঞা, ছাইবুৰ ৰহমান বৰভূঞা, ঋতুৰাজ নেওগ আৰু নিপন কুমাৰ পাঠকক চমন জাৰি কৰে অসম আৰক্ষীয়ে৷ ইয়াৰে কেইবাগৰাকী অসমৰ বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ সৈতে ভাল সম্পৰ্ক থকা প্ৰভাৱশালী পৰিয়ালৰ সন্তানো আছে৷ ইমানে তেজপুৰৰ বহুবল্কী সাংসদ আৰপি শৰ্মাৰ কন্যা পল্লবী শৰ্মাক কাহিলিপাৰাত গ্ৰেপ্তাৰ কৰে৷

২০১৬ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ১৯গৰাকী ACS-APSক চমন জাৰি কৰিছিল যোৱা যোৱা ১০ জুলাইৰ পৰা৷ অসম লোকসেৱা আয়োগে ২০১৬ চনত পৰীক্ষা অনুষ্ঠিত কৰি ৰাজপত্ৰিত বিষয়া হিচাপে নিয়োগ কৰিছিল বিষয়াকেইজনক৷ উক্ত সময়ত অসম লোকসেৱা আয়োগেৰ অধ্যক্ষ আছিল ৰাকেশ পাল৷ আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ে অহা ১৮ জুলাইত কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল৷