newsnextone.com |কাকপথাৰঃ আপুনি এটুকুৰা নতুন ঠাইলৈ যদি গৈছে তেন্তে সাৱধান? যদি আপুনি অইন ঠাইৰ পৰা আহিছে তেন্তে আপুনি নিজৰ সুৰক্ষাৰ স্বাৰ্থত অতি সাৱধান হোৱা উচিত৷ কিয়নো সোপাধৰা বুলি আপুনিও একাংশ উদণ্ড লোকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ব পাৰে৷ যিদৰে কিছুদিন পূৰ্বে কাৰ্বি আংলঙত প্ৰাণ হেৰুৱালে নিলোৎপল আৰু অভিজিতে৷

কেৱল অসমতেই নহয় কিছুমান ভুৱা বাতৰিৰ মাজত সোমাই পৰিছে দেশৰ কেইবাখনো ৰাজ্য৷ হোৱাটছআপ ফেচবুক আৰু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱা ভুৱা বাতৰিৰ বাবে বিভিন্ন অঞ্চলত মানুহৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে কেইবাজনো নীৰিহ লোকে৷

শিশু অপহৰণ কৰাৰ অপৰাধ জাপি দি অসম, তামিলনাডু, ত্ৰিপুৰাকে ধৰি দেশৰ ৯ খন ৰাজ্যত বিগত ১ টা বছৰৰ ভিতৰত প্ৰায় ৩০ জন নিৰীহ লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে৷ 

যদিও কেতবোৰ ভুৱা বাতৰিৰ বাবেই এনে হিংসাত্মক তথা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে, তথাপি এনে ঘটনাই সমাজত কুপ্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈ আহিছে৷ বিশেষকৈ যিবোৰ ঠাইত শিক্ষাৰ প্ৰভাৱ কম, তেনে ঠাইত এনে হিংসাত্মক ঘটনা বেচিকৈ ঘটা পৰিলক্ষিত হয়৷ কিন্তু এনে ঘটনাৰ আঁৰত অভিযুক্তৰ চৰিত্ৰ, মানসিকতা, কিদৰে ভুৱা বাতৰি প্ৰচাৰ হয়, আৰক্ষী তথা প্ৰশাসনৰ প্ৰতিক্ৰিয়া আৰু এনে ঘটনাৰ বিৰুদ্ধে লোৱা আইনী ব্যৱস্থাও মন কৰিবলগীয়া৷ 

সমীক্ষা মতে দেখা গৈছে এটা অঞ্চলত এনে ঘটনা সংঘটিত কৰা লোকসকলে সমাজত সাধাৰণ জীৱন যাপন নকৰে৷ তেওঁলোক হত্যা, ধৰ্ষণ, ডকাইতি, চুৰি আদি বিভিন্ন অসামাজিক কামৰ সৈতে জড়িত হৈ থকা ব্যক্তি৷ মাথো ভুৱা বাতৰিৰ গইনা লৈ তেনে লোকসকলে নিজৰ পাশৱিক চৰিত্ৰৰ বৰ্হিপ্ৰকাশ কৰে৷

তাৰ মাজতে আমাৰ ৰাজ্য অসমত পুনৰ সংঘিটত হৈছে গণ প্ৰহাৰৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড় চহৰৰ মিলন নগৰ। ৰুগীয়া কন্যাৰ খবৰ লবলৈ যোৱাৰ সময়তে তিনিচুকীয়াৰ এজন লোকক ডিব্ৰুগড়ত সোপাধৰাৰ সন্দেহত বেয়াকৈ মাৰধৰ কৰাৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উজনি অসমত ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্তগত ডিৰাক বৰমেছাই গাঁৱৰ মৃদুল মৰাণ নামৰ যুৱকজনক যোৱা ৩ আগষ্টত ডিব্ৰুগড় মিলন নগৰত দিন দুপৰতে সোপাধৰা বুলি একাংশ লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰে। ফলত গুৰুতৰ ভাৱে আহত হয় মৃদুল মৰাণ।

ৰাজ্য চৰকাৰে অপ প্ৰচাৰ তথা সোপাধৰা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি ৰোধ কৰাৰ চেষ্টা চলাই আহিছে যদিও মুখ্যমন্ত্ৰীৰ গৃহ জিলাত সোপাধৰাৰ নামত গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। আনহাতে এই ঘটনাক ডিব্ৰুগড় আৰক্ষীয়ে তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। এতিয়ালৈ এগৰাকী লোকক আটক কৰৰা সাবস গোটাব নোৱাৰিলে। হয়তো মুখ্যমন্ত্ৰীৰ জিলাত সংঘটিত ঘটনাৰ বাবে চৰকাৰৰ বদনাম হোৱাৰ স্বাৰ্থতেই ইয়াক লৈ হৈচৈ কৰা ন'হল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ জিলাৰ কেইবাটাও আন ঘটনা এন্ধাৰতে থাকি গৈছিল বুলি উদাহৰণ আছে।

প্ৰায় শতাধিক দস্যু লোকে সোপাধৰা বুলি শাৰিৰীকভাৱে অাক্ৰমন কৰি থকা অৱস্থাতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যুৱকজনক ৷ পানী, পানী বুলি চিঞৰি থকা যুৱকজনক দুজন লোকে ইয়াক প্ৰস্ৰাৱ কৰি খাবলৈ দিয়া বুলি কোৱাৰ কথাও কয় মৃদুল মৰাণে।

অন্ধবিশ্বাস, কুসংস্কাৰ, অপপ্ৰচাৰৰ বিৰুদ্ধে অাৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চেষ্টা চলাই থকাৰ সময়তে যুৱকজনক হত্যাৰ চেষ্টা চলোৱা লোকসকলৰ বিৰুদ্ধে ডিব্ৰুগড় অাৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ ঘটনাই আৰক্ষীৰ স্বৰূপ ওলাই পৰে। মৃদুল মৰাণৰ পৰিয়ালে উপায়ন্তৰ হৈ মিলনগৰ আৰক্ষী থানাৰ পৰা উদ্ধাৰ কৰে সহায় বিচাৰি এটা সংগঠনৰ ৷ 

জানিব পৰা মতে, মৃদুল মৰাণে ১ আগষ্টত ডিব্ৰুগড় মেডিকলত ভৰ্তি হৈ থকা ৰুগীয়া কন্যাৰ খবৰ লবলৈ আহিছিল৷ চিকিৎসকে কন্যাৰ অৱস্থা গুৰুতৰ বুলি কোৱাত মানসিক ভাৰসাম্য হেৰুৱাই চিকিৎসালয়ৰ পৰা ওলাই আহিছিল ৷ উপায়ন্তৰ হৈ ডাঙৰ কন্যা চুমু মৰাণে ফেচবুকত এটা পোষ্ট দি দেউতাকক বিচৰাৰ ক্ষেত্ৰত বন্ধুৰ পৰা সহায় বিচাৰিছিল।

অৱশেষত ফেচবুকৰ জৰিয়তে মৃদুল মৰাণৰ সম্ভেদ লাভ কৰে পৰিয়ালৰ লোকে ৷ ডিব্ৰুগড়ৰ মিলননগৰ আৰক্ষী থানাত উপস্থিত হৈ পৰিয়ালে সমস্ত কথা অৱগত হয়। সোপাধৰা বুলি দিনৰ প্ৰায় দুই বজাত ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত আক্ৰমণ কৰাৰ ঘটনা বিয়পি পৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে উজনিত৷ 

ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মৰাণ ছাত্ৰ সন্থাই ৷ দোষীক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে ৷ 

স্থানীয় বিধায়ক বলিন চেতিয়াই এটি প্ৰতিনিধি দল প্ৰেৰণ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে কিছু আৰ্থিক অনুদান সহায় কৰে। জটিল ৰোগত আক্ৰান্ত মৃদুল মৰাণৰ কন্যা ১০ বছৰীয়া ডেইজি মৰাণক উন্নত চিকিৎসাৰ বাবে সহায় কৰাৰ আশ্বাস দিয়ে বিধায়কে।