newsnextone.com | চতিয়া: দিনক দিনে যেন হেৰাই গৈছে মানৱতা।  ৰাজ্যৰ ভিতৰত সংঘটিত হোৱা নৃশংস আমানবিক ঘটনাই সভ্য সমাজক লজ্জানত কৰা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে কাৰ্বি পাহাৰৰ বুকুত সেউজীয়া বিচাৰি যোৱা অভি আৰু নীল নামৰ চফল দুজন ডেকা একাংশ মানুহৰ নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল। 

অভি নীলক মৰিয়াই হত্যা কৰাৰ ঘটনাই মানুহৰ মনৰ পৰা শোকৰ জুইকুৰা নুমুওৱাৰ পূৰ্বেই পুনৰ আন এক ঘটনাই সভ্যতাৰ প্ৰতীক মানুহৰ প্ৰকৃত মুখা খন খোল খোৱাইছে । 

বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত হৈছে এই নৃশংস ঘটনা। জানিব পৰা মতে, পুৱতি নিশা অঞ্চলটোৰ কেইজনমান গাহৰি ব্যৱসায়ীয়ে গাহৰি ক্ৰয় কৰিবলৈ আহোতেই একাংশ উন্মত্ত লোকে ব্যৱসায়ী কেইজনক গৰু চোৰ সন্দেহত মাৰধৰ কৰে। উন্মাদ লোক সকলে দা, লাঠি, লোৰ ৰ'ডৰে অমানুষিক অত্যাচাৰ চলায় চাৰি যুৱকৰ ওপৰত। 

পিছত ঘটিনাস্থলীত আৰক্ষী উপস্থিত হৈ উন্মাদ লোকসকৰ হাতৰ পৰা ব্যৱসায়ী যুৱক কেইজনক উদ্ধাৰ কৰি বিশ্বনাথৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰে  যদিও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দেৱেন ৰাজবংশী (৫০) নামৰ লোকজনৰ মৃত্যু ঘটে। 

ইফালে, আহত চিকিৎসাধীন সকল ক্ৰমে ফুলচন চাহু, বিজয় নায়ক, পুজেন ৰাজবংশী জানিব পৰা গৈছে। ৪ জন গাহৰি ব্যৱসায়িক এনেদৰে গৰু চোৰ আখ্যা দি আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।