গুৱাহাটীঃ মদে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে একো একোটা পৰিয়ালক৷ একো একোটা পৰিয়াল নিঃশেষ কৰি পেলাই এই মদ নামৰ নিচাযুক্ত দ্ৰব্যই। মদ্যপান কৰাৰ ফলত পথ দুৰ্ঘটনা, হত্যা, লুন্ঠন, গৃহকন্দল, অাত্মহত্যা, ধৰ্ষণৰ কাণ্ডৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷ এই মন্তব্য বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত বৰুৱাৰ৷
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মদমুক্ত অসম দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন কৰ্মশালাত অংশ লৈ মনোৰোগ বিশেষজ্ঞগৰাকীয়ে এই মন্তব্য আগবঢ়ায়৷ জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত অালোচনা চক্ৰত মুখ্য অালোচক হিচাপে প্ৰাক্তন প্ৰশাসনিক বিষয়া লক্ষীনাথ তামুলী, মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত বৰুৱা, লেখিকা অৰূপা বৰুৱা সহিতে ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷