ৰঙিয়াঃ ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনৰ আৰিমত্ত পঞ্চায়তৰ ততাৰকুছিত আজি ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটো মুকলি কৰাৰ পিছতে উক্ত স্থানতে অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰে সাংসদজনে।
ৰঙিয়া সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সাংসদগৰাকীৰ লগতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া ইমলি বৰুৱা, জিলা সমাজ কল্যাণ বিষয়া পাৰবিন আহমেদ, ৰঙিয়া শিশু উন্নয়ন প্ৰকল্প বিষয়া মঞ্জিত দাস আৰু ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কমলি শৰ্মা উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।