মোৰাঝাৰঃ কংগ্ৰেছ চৰকাৰৰ আমোলত স্বাস্থ্য বিভাগৰ অধীনত অসমৰ প্ৰতিটো সমষ্টিত নিৰ্মাণ কৰা হৈছিল এখনকৈ আদৰ্শ চিকিৎসালয়। এই অনুযায়ী হোজাই জিলাৰ লংকা উদালীৰ ফুলতলীতো এখন মডেল হাস্পতাল নিৰ্মাণ কৰা হয় যদিও আজি প্ৰায় দুটা বছৰ উকলি যোৱাৰ পিছতো আৰম্ভ নহল সংখালঘু এলেকাৰ চিকিৎসালয়খনৰ চিকিৎসা সেৱা।
বৃহত্তৰ উদালী, নখুটিৰ লগতে ময়না পথাৰৰ কাকী অঞ্চলবাসীৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা চিকিৎসালয়খন আজিলৈকে মুকলি নোহোৱাত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ’বলৈ বাধ্য হৈ পৰিছে স্থানীয় ৰাইজ।