নতুন দিল্লীঃ বৃহস্পতিবাৰে সন্ধিয়া মোডী ২.০ ৰ ৪৭ জন মন্ত্ৰীসভা সদস্যই শপতগ্ৰহণ কৰাৰ পাছত শুকুৰবাৰে মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্মচাৰী, ৰাজহুৱা ওজৰ–আপত্তি আৰু পেঞ্চন দপ্তৰ, আনৱিক শক্তি, অন্তৰীক্ষ দপ্তৰ, নীতি সম্পৰ্কীয় সকলো বিষয় আৰু বিতৰণ নোহোৱাকৈ থকা সকলো দপ্তৰ নিজৰ হাতত ৰাখিছে৷
গুৰুত্বপূৰ্ণ গৃহ বিভাগ অমিত শ্বাহক দিয়া হৈছে। জ্যেষ্ঠ সদস্য ৰাজনাথ সিঙক দিয়া হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়। আনহাতে প্ৰাক্তন বৈদেশিক সচিব ড০ এছ জয়শংকৰক প্ৰদান কৰা হৈছে বৈদেশিক পৰিক্ৰমা দপ্তৰ দিয়া হৈছে।