ডিজিটেল ডেস্কঃ সংখ্যালঘু বিৰোধি তথা মুছলমান বিৰোধি বুলি প্ৰায়ে বিজেপিক উভতি ধৰে বিভিন্ন সময়ত বিভিন্নজনে৷ কেৱল ইমানে নহয় প্ৰতিশ্ৰুতি পূৰণত সম্পৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ তাৰ লগে লগে যেন চৰকাৰে নিজকে সলনি কৰিবলৈ বাধ্য হৈছে৷ কিয়নো সন্মুখত ২০১৯ চনৰ লোকসভা নিৰ্বাচন৷ সংখ্যালঘুৰ উন্নয়ণৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰে মোডী চৰকাৰে৷
সংখ্যালঘুৰ সম্প্ৰদায়ৰ বিয়াৰ পূৰ্বে তথা অবিবাহিত স্নাতক যুৱতীকসকলক ৫১ হাজাৰ টকাকৈ দিব কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰে এই ঘোষণা কৰে শুকুৰবাৰে৷ মৌলানা আজাদ এডেকুছনৰ পৰামৰ্শ গ্ৰহণ কৰি কেন্দ্ৰৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে সংখ্যালঘুৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ চৰকাৰে আঁচনিৰ নাম দিছে ‘চাদী চগুণ’৷