ডিজিটেল ডেস্কঃ নতুন ইতিহাসৰ সূচনা কৰি বৃহস্পতিবাৰে আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝো আবেই। ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত এই বুলেট ট্ৰেইন আছিল নৰেন্দ্ৰ মোদীৰ অন্যতম প্ৰতিশ্ৰুতি।
অৱশেষত জাপানৰ হাতত হাত ধৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ অগ্ৰসৰ হৈছে মোদী। এইক্ষেত্ৰত মোদীক সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। ‘ভাৰতৰ এই প্ৰকল্পক বাস্তৱ ৰূপ দিবলৈ ইতিমধ্যে জাপানৰ পৰা ১০০ৰো অধিক অভিযন্তা ইয়ালৈ আহিছে।’-এইদৰে কয় ছিনঝোৱে।