ডিজিটেল ডেস্কঃ নতুন ইতিহাসৰ সূচনা কৰি বৃহস্পতিবাৰে আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝো আবেই। ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত এই বুলেট ট্ৰেইন আছিল নৰেন্দ্ৰ মোদীৰ অন্যতম প্ৰতিশ্ৰুতি।

অৱশেষত জাপানৰ হাতত হাত ধৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ অগ্ৰসৰ হৈছে মোদী। এইক্ষেত্ৰত মোদীক সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। 'ভাৰতৰ এই প্ৰকল্পক বাস্তৱ ৰূপ দিবলৈ ইতিমধ্যে জাপানৰ পৰা ১০০ৰো অধিক অভিযন্তা ইয়ালৈ আহিছে।’-এইদৰে কয় ছিনঝোৱে। 

আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইনৰ গতিবেগ হ’ব ঘণ্টাত ৩৫০ কিলোমিটাৰ। এই পথছোৱাত থাকিব ১২ টাকৈ ষ্টেশ্যন। বান্দ্ৰা-কুৰলা কমপ্লেক্স, থানে, ভিহাৰ, বয়ছাৰ, ভাপি, বিলিমোৰা, ছুৰাট, ভাৰুছ, বদোদৰা, আনন্দ, আহমেদাবাদ আৰু সবৰমতী।

আজি সবৰমতীত ভাৰতীয় ৰেলৰ এই ঐতিহাসিক দিনটোত উপস্থিত থাকে ৰেলমন্ত্ৰী পীয়ুষ গোৱেল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছ আৰু প্ৰকল্পৰ সৈতে জড়িত ভালেসংখ্যাক উচ্চ পদস্থ বিষয়া। অনুষ্ঠানত ভাগ লৈ ৰেলমন্ত্ৰী গোৱেলে কয়, '৩০ বছৰ পূৰ্বে গাড়ীৰ ক্ষেত্ৰত বিপ্লৱ আনিছিল মাৰুটিয়ে। এইবাৰ বুলেট ট্ৰেইন প্ৰকল্পই বিপ্লৱ আনিব ৰেলসেৱালৈ।’

অনুষ্ঠানত জাপানীৰ প্ৰধানমন্ত্ৰীয়ে কয়, 'ভাৰতীয় ৰেলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জাপানে সহযোগিতা কৰিব। জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ মানৱসম্পদ একগোট হৈ ভাৰত বিশ্বৰ আগশাৰীৰ উদ্যোগত পৰিণত হ’বলৈ ওলাইছে। আগন্তুক ভাৰত ভ্ৰমণত মুম্বাই-আহমেদাবাদত বুলেট ট্ৰেইনত যাত্ৰা কৰিব পাৰিম বুলি আশা কৰিছো।’

ছিনোঝাৰ এই মন্তব্য শুনি আপ্লুত হৈ পৰে মোদী। তেওঁ কয়, 'বুলেটৰ গতিৰেই আগবাঢ়িব দেশৰ প্ৰগতি। ভাৰতৰ আপোন বন্ধু জাপানক ধন্যবাদ। স্বপ্নক বাস্তৱায়িত কৰাৰ দিশে আৰু এখোজ আগবাঢ়িল ভাৰত। এতিয়া কৰ্মসংস্থাপন বৃদ্ধি পাব।’ বুলেট ট্ৰেইনক সুৰক্ষিত আৰু পৰিৱেশ অনুকূল আখ্যা দি মোদীয়ে আৰু কয়, 'এয়াই হৈছে নতুন ভাৰত। অপৰিসীম ইচ্ছাশক্তি।’

উল্লেখ্য যে আহমেদাবাদৰ পৰা মুম্বাই পাওতে বৰ্তমান সময় লাগে ৮ ঘণ্টা। বুলেট ট্ৰেইন আৰম্ভ হ’লে সময় লাগিব ৩ ঘণ্টা। প্ৰাককলন অনুযায়ী ২০২৩ চনত সম্পূৰ্ণ হ’ব এই প্ৰকল্পৰ কাম। এখন বুলেট ট্ৰেইনত যাত্ৰা কৰিব পাৰিব ৭৫০ গৰাকী যাত্ৰীয়ে। বুলেট ট্ৰেইনৰ আধাৰশিলাৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত ভাৰতৰ সৈতে আৰু একাধিক চুক্তিতো স্বাক্ষৰ কৰে। জাপনৰ সৈতে এনেদৰে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় হোৱালৈ চাই চীন কিছু পৰিমাণে হ’লেও শংকিত হৈ পৰিছে বুলিও বহুতে মন্তব্য কৰা দেখা গৈছে।