বাংগালুৰুঃ আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি, মমবাতি জ্বলাবলৈ দেশবাসীক জনোৱা আহ্বানৰ আৰত বিজেপিৰ গোপন এজেণ্ডা আছে বুলি দাবী কৰিছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে। ইয়াৰ লগতে তেওঁ উক্ত আহ্বানৰ কি বৈজ্ঞানিক ভিত্তি আছে সেয়া স্পষ্ট কৰি দিবলৈকো এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীক দাবী জনাইছে।
এটাৰ পিছত এটাকৈ মুঠ তিনিটা টুইট কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনোৱা দেখা গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। ‘প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে চাকি আৰু মমবাতি জনাবলৈ কৈছে নেকি? ৬ এপ্ৰিল হৈছে বিজেপিৰ প্ৰতিষ্ঠা দিৱস, সেয়ে এই আয়োজনৰ বাবে উক্ত আহ্বান জনোৱা হৈছে বুলি অনুমান কৰিব পৰা যায় নে? মই প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনাইছো এই আহ্বানৰ আঁৰত থকা বিজ্ঞানসন্মত কাৰণ ব্যাখ্যা কৰিবলৈ।’- কাইলৈ ৬ এপ্ৰিলৰ দিনটো যে বিজেপিৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস সেয়া দেশবাসীক সোঁৱৰাই দি এক টুইটত এইদৰে কয় কুমাৰস্বামীয়ে।