নতুন দিল্লীঃ দৰিদ্ৰ সীমাৰেখাৰ আশে-পাশে থকা দেশৰ কোটি কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে এক সুখবৰ। ভাৰত চৰকাৰে ৪৭৭ কোটি টকাৰ বিনিয়োগেৰে জেষ্ঠ নাগৰিকৰ বাবে পৰিকল্পনা কৰা হৈছে এক বিশেষ যোজনা। ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা শীৰ্ষক যোজনাৰ জৰিয়তে জেষ্ঠ নাগৰিকক হুইল চেয়াৰ আৰু শ্ৰৱণৰ সহায়ক আহিলা বিনামূলীয়াকৈ দিয়া হ’ব।
কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰালয়ৰ মন্ত্ৰী থাৱৰচন্দ্ৰ গহলোট আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী এম ভেংকয়া নাইডুয়ে ২৫ মাৰ্চত অন্ধ্ৰ প্ৰদেশৰ নেল্ল’ৰ জিলাত এই প্ৰস্তাৱিত আঁচনিখনৰ আৰম্ভ কৰিব।