ডিজিটেল ডেস্কঃ মোদী মন্ত্ৰীসভাত নতুন ৰেলমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে পীয়ুষ গোৱেলে। টুইট কৰি ৰেলমন্ত্ৰণালয়ৰ পৰা নিজৰ বিদায়ৰ বাৰ্তা দেশবাসীক জনায় সুৰেশ প্ৰভুৱে পীয়ুষ গোৱেলৰ লগতে দেওবাৰে সালসলনি হোৱা মোদী মন্ত্ৰীসভাত পদোন্নতি হয় ধৰ্মেন্দ্ৰ প্ৰধান, নিৰ্মলা সীতাৰামন আৰু মুখতাৰ আব্বাছ নকভিৰ।

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ পৰা এইবাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হয় চাৰিওগৰাকীকে। ইয়াৰ লগতে শপত গ্ৰহণ কৰে ৯ গৰাকী নতুন মন্ত্ৰীয়ে। নতুন এই ৯ মন্ত্ৰীক দিয়া হয় কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ দায়িত্ব।

দেওবাৰে পুৱা প্ৰায় ১০.৩০ বজাত আৰম্ব হয় শপত গ্ৰহণ অনুষ্ঠান। শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, শক্তিমন্ত্ৰী পীয়ুষ গোৱেল, শিল্প-বাণিজ্য মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিৰ্মলা সীতাৰামন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী মুখতাৰ অাব্বাছ নকভিৰ কাম-কাজত সন্তুষ্ট হৈ তেওঁলোকক কেবিনেট মন্ত্ৰীলৈ উন্নীত কৰা হৈছে বুলি জানিবলৈ দিছে প্ৰধানমন্ত্ৰী নকেন্দ্ৰ মোদীয়ে।

টুইট কৰি কেবিনেটৰ নতুন সদস্যসকলক শুভেচ্ছাও জনাই মোদীয়ে। অৱশ্যে আন মন্ত্ৰীসকলৰ কাক কি মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হৈছে সেয়া এই পৰ্যন্ত বিস্তাৰিতভাৱে জানিব পৰা হোৱা নাই।

মন্ত্ৰীসভাত স্থান পোৱা ৯ নতুন মুখ হৈছে প্ৰাক্তন ফৰেইন ছাৰ্ভিছ অবিছাৰ হৰদীপ পুৰী, প্ৰাক্তন আই এ এছ অফিছাৰ কেজে এলফন্স, উত্তৰ কানাড়াৰ সাংসদ অনন্তকুমাৰ হেগড়ে, প্ৰাক্তন গৃহ সচিব তথা সাংসদ আৰ কে সিং, যোধপুৰৰ সাংসদ গজেন্দ্ৰ সিং, প্ৰাক্তন মুম্বাই পুলিচ কমিছনাৰ তথা বাঘপতৰ সাসংদ সত্যপাল সিং, উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ শিৱপ্ৰতাপ শুক্লা, বক্সাৰৰ সাংসদ অশ্বিনী চৌবে আৰু তিকমগড়ৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ। ইয়াৰে হৰদীপ পুৰী আৰু কেজে এলফন্স সংসদৰ সদস্য নহয়।

BLUW WHALE গেম কি জানিবলৈ চাওক এই আলোচনাঃ