Home দেশপ্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উত্তৰ, ‘জন্মসূত্ৰেই ভাৰতীয় মোদী, দিব নালাগে প্ৰমাণ’

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উত্তৰ, ‘জন্মসূত্ৰেই ভাৰতীয় মোদী, দিব নালাগে প্ৰমাণ’

by News Desk
A+A-
Reset
modi9

নতুন দিল্লীঃ সমগ্ৰ দেশ এতিয়া CAA আৰু NRCক লৈ উত্তাল। ইয়াকে লৈ চৌদিশে শুনা গৈছে ‘কাগজ হম নহী দিখায়েংগে’ অৰ্থাৎ ‘কাগজ আমি নেদেখুৱাও’ৰ দৰে শ্ল’গান। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰম্বাৰ কৈ আহিছে যে CAA হ’বই। অথচ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে জন্মৰ প্ৰমাণ-পত্ৰ সন্দৰ্ভত মোদীৰ নিজৰেই নাই কোনো কাগজ! এক আৰটিআইৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই আৰু সদৰী কৰিছে যে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩নং ধাৰা অনুযায়ী মোদী জন্মসূত্ৰেই ভাৰতীয়। 

উল্লেখ্য যে শুভংকৰ সৰকাৰ নামৰ এগৰাকী ব্যক্তিয়ে আৰটিআইৰ জৰিয়তে জানিব বিচাৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নাগৰিকত্ব সন্দৰ্ভত কি কি নথি-পত্ৰ আছে। উক্ত আৰটিআইৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সচিব প্ৰবীণ কুমাৰে জনাইছে যে কোনোধৰণৰ নথি-পত্ৰ নাথাকিলেও ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৩নং ধাৰা অনুযায়ী মোদী জন্মসূত্ৰেই ভাৰতীয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0