নতুন দিল্লীঃ আজি স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ এই দিনটোত অনন্য সোৱাদত বুৰ গৈছে সমগ্ৰ দেশ। আকৌ এবাৰ লালকিল্লাত নীল আকাশত সগৌৰৱে উৰিছে তিনিবৰণীয়া জাতীয় পতাকা। ৭৭তম স্বাধীনতা দিৱস উপলক্ষে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিয়েই দেশবাসীক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সংসদত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত ভাগ লৈ যোৱা বৃহস্পতিবাৰে প্ৰদান কৰা ভাষণত একপ্ৰকাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনকেই যেন লক্ষ্য কৰি লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ২ ঘণ্টা ২০ মিনিটৰ ভাষণটোৰ অধিকাংশই আছিল নিজৰ চৰকাৰৰ সাফল্যৰ খতিয়ান আৰু বিৰোধী কংগ্ৰেছৰ কাৰ্যকালৰ প্ৰধানমন্ত্ৰীসকলৰ ব্যৰ্থতাৰ প্ৰসংগ।