নতুন দিল্লীঃ নিশাৰ অন্তিম প্ৰহৰ। সকলো নিঃহপালী দি আছে। কিন্তু ভাৰতীয় বায়ু সেনা বাহিনীয়ে আৰম্ভ কৰিলে এক গোপন তথা প্ৰত্যাহ্বানপূৰ্ণ অভিযান।

পুৱতি নিশা ৩.৩০ বজাত ১২ খন মিৰাজ ২০০০ যুঁজাৰু বিমানে অতি সন্তৰ্পণে ভাৰত আৰু পাকিস্তানৰ মাজত থকা নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে। বালাকোটত থকা জইছ-ই-মহম্মদৰ প্ৰশিক্ষণ শিবিৰত যুঁজাৰু বিমানকেইখনে ১০০০ কিল’গ্ৰাম বোমা নিক্ষেপ কৰি নিহত কৰে ২৫০-৩০০ সন্ত্ৰাসবাদী।

ভাৰতৰ এই আক্ৰমণৰ পাছতে দুয়ো দেশৰ প্ৰধানমন্ত্ৰীদ্বয় ক্ৰমে নৰেন্দ্ৰ মোডী আৰু ইমৰাণ খানে ইয়াক লৈ নিজ নিজ বক্তব্য দিয়া দেখা গ’ল। ৰাজস্থানৰ চুৰুত এক জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আশ্বাস দি কয় যে দেশ সুৰক্ষিত লোকৰ হাতত আছে। 'মোৰ দেশৰ মাটিৰ নামত শপত খাই কৈছোঁ, মই দেশক মৰিবলৈ নিদিওঁ, মই দেশক স্তব্ধ হ’বলৈ নিদিওঁ, মই দেশক মূৰ দোৱাবলৈ নিদিওঁ। এয়া মোৰ দেশমাতৃৰ ওচৰত প্ৰতিজ্ঞা, মই তোমাৰ নতশিৰ হ’বলৈ নিদিওঁ। আমাৰ সেনাবাহিনীক মই ছেলুট কৰিছোঁ, সকলো ভাৰতীয়লৈ মোৰ ছেলুট, আপোনালোকৰ প্ৰধান সেৱকে আপোনালোকক প্ৰণাম জনাইছে।’

ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খনে কোনো ৰাজহুৱা সভাত বক্তৃতা দিয়া নাই যদিও ভাৰতৰ পুৱতি নিশাৰ অভিযানৰ পাছতে দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থকা সেনাৰ তিনিওটা শাখাৰ মূৰব্বীসহ সকলোকে যি কোনো পৰিস্থিতৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।