ডিজিটেল ডেস্কঃ ২০১৪ চন। ভাষণৰ সময় ৬৫ মিনিট। ২০১৫ চন। ভাষণৰ সময় ৮৬ মিনিট। ২০১৬ চন। ভাষণৰ সময় ৯৪ মিনিট। কিন্তু প্ৰধানমন্ত্ৰী হিচাপে এই বাৰ আটাইতকৈ কম সময় ভাষণ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে দেশবাসীক উদ্দেশ্যি লালকিল্লাৰ পৰা মাত্ৰ ৫৭ মিনিট ভাষণ দিয়ে তেওঁ।

যোৱা মাহৰ 'মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে জনাইছিল, 'বহুতে চিঠিৰে মোক অভিযোগ দিছিল যে ভাষণৰ নামত মই বহু সময় ব্যয় কৰো।’ ভাষণ চমু কৰাৰ কথাও ঘোষণা কৰিছিল যোৱা মাহৰ 'মন কী বাত’ত। এই অনুযায়ী এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰে প্ৰধানমন্ত্ৰীয়ে।

১৯৪৭ চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে ৭২ মিনিট সময় দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াইছিল। ২০১৫ চন পৰ্যন্ত সেয়াই আছিল দেশৰ প্ৰধানমন্ত্ৰী দীৰ্ঘতম ভাষণ। কিন্তু ২০১৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ৮৬ মিনিট সময় ভাষণ আগবঢ়ায়। ইয়াৰ পিছৰ বছৰত তেওঁ ৯৪ মিনিট সময় ভাষণ দিয়ে। এই ৯৪ মিনিটৰ ভাষণ ভাৰতৰ স্বাধীনতা দিৱসৰ সুদীৰ্ঘ ভাষণ হিচাপে পৰিগণিত হয়।

কিন্তু এইবাৰ নিজৰ ৰেকৰ্ড ভংগ কৰিবলৈ ইচ্ছা নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১ ঘণ্টাতকৈয়ো কম সময়তে তেওঁ এইবাৰ ভাষণ সামৰে। উল্লেখ্য যে কম সময় ভাষণ আগবঢ়োৱা এয়াই প্ৰথম নহয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীয়ে ২০০২ চনত মাত্ৰ ২৫ মিনিট সময়ৰ বাবে ভাষণ আগবঢ়াইছিল।