ডিজিটেল ডেস্কঃ ইজৰাইল ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আজি ৰাওনা হৈছে ইজৰাইল অভিমুখে। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী মোচী হল্টবাৰ্গক লগ কৰিব মোদীয়ে। উল্লেখ্য যে মুম্বাই আক্ৰমণ নিচেই কাষৰপৰা দেখা মোচীৰ সেই সময়ত বয়স আছিল মাত্ৰ ২ বছৰ। 

তিনিদিনীয়া এই ভ্ৰমণ কাৰ্যসূচীত ইজৰাইলৰ উপৰিও জাৰ্মানীলৈও যাব মোদী। ১১ জনীয়া মন্ত্ৰালয়ে প্ৰস্তুত কৰা ৫১৪ কোটি টকাৰ ২৩ পৃষ্ঠা সম্বলিত যুটীয়া অৰ্থনৈতিক অধিগ্ৰহণৰ সূচী প্ৰস্তুত কৰা ইজৰাইলৰ সৈতে ভাৰতৰ অৰ্থনৈতিক চুক্তিক লৈ আশা ব্যক্ত কৰিছে দুয়োখন দেশেই।  

উল্লেখ্য যে ইজৰাইলে চীন, অথবা লেটিন আমেৰিকা আফ্ৰিকাৰ বাবে যুটীয়াভাৱেও ইমান বৃহৎ পৰিকল্পনা গ্ৰহণ কৰা নাই। সেয়ে এই দ্বিপাক্ষিক চুক্তি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।  

ইজৰাইলত হ’বলগীয়া বৈঠকত পাঁচোটা বিষয়ে বিশেষ গুৰুত্ব লাভ কৰিব বুলি জানিব পৰা গৈছে। সেয়া হৈছে প্ৰতিৰক্ষা, কূটনীতি, কৃষি, জল ব্যৱস্থাপনা আৰু বাণিজ্য। 

মোদীৰ ইজৰাইল ভ্ৰমণৰ এদিন পুৰ্বে টেল আভিভ বিশ্ববিদ্যালয়ৰ চাইবাৰ উইক অনুষ্ঠানত ভাষণ দি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা বন্ধুত্বৰ কথা স্বীকাৰ কৰে।