গুৱাহাটীঃ দেশ শাসনৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অগপ কেন্দ্ৰীয় নেতৃত্বই সাক্ষাত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহক।
বৃহস্পতিবাৰে অগপ দুয়োগৰাকী নেতাকে নতুন দিল্লীত পৃথকে পৃথকে সাক্ষাৎ কৰে অগপ প্ৰতিনিধি দলটোৱে। দলটোৱে প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাত কৰি দ্বিতীয়তো কাৰ্যকালৰ বাবে শুভেচ্ছা জনায়।
লগতে প্ৰধানমন্ত্ৰী গৰাকীক অসমৰ প্ৰতি দায়বদ্ধতা পালন কৰি অসম চুক্তিকে ধৰি অসমৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়। ইফালে, প্ৰধানমন্ত্ৰী গৰাকীয়ে অগপ প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰি কয় যে অসমৰ জনসাধাৰণ দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰা হ’ব আগন্তুক পাঁচ বছৰত। অসমক সমৃদ্ধিশালী আৰু উন্নয়নৰ বাবে কেন্দ্ৰই সকলো ধৰণৰ সহযোগিতা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ইয়াৰ পাছতে প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমৃত শ্বাহক। গৃহমন্ত্ৰী গৰাকীক ভাৰত-বাংলাদেশ সীমান্ত পৰিদর্শন কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ বাবে আহ্বান জনায়। সেই সন্দৰ্ভত শ্বাহে অগপ দলটোৰ আহ্বানত কয় যে অতি সোনকালে তেওঁ পৰিদর্শন কৰিব ভাৰত-বাংলা সীমান্ত। লগতে অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰিব বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, কথা এই যে অগপৰ প্ৰতিনিধি দলটোত আছিল সভাপতি অতুল বৰা, কাৰ্যকৰি সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, ডাঃ কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা, ভূপেন ৰায় প্ৰমুখ্যে নৱ নিৰ্বাচিত অগপ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।