মৰিগাঁওঃ অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশনখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণক লৈ সৃষ্টি হৈ থকা অনিশ্চয়তাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিৱেশনখনিত অংশগ্ৰহণ কৰিব বুলি আজি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও আদৰণি সমিতি কিম্বা জিলা প্ৰশাসনে এতিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অংশগ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰা নাই যদিও অধিৱেশনখনত দিনে-নিশাই হেলিপেডৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ পৰিছে আদৰণি সমিতি। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাতৰি প্ৰচাৰ হৈ পৰাৰ লগে লগে জাতীয় দল সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী আগমনে জ্বলা জুইত ঘিঁ ঢালিব বুলি প্ৰকাশ কৰিছে।