ডিজিটেল ডেস্কঃ সংসদত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়ক সন্মিলনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰি সামাজিক ন্যায় প্ৰদান কৰাই আমাৰ প্ৰধান উদ্দেশ্য বুলি কয়৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মন্তব্য আগবঢ়ােৱাৰ লগতে দেশৰ সকলো ৰাজ্যতে এনে জিলা আছে, যি সমূহ জিলাৰ বিকাশৰ স্থিতি শক্তিশালী বুলি কয়৷
এনে জিলা সমূহৰ বিকাশ তথা উন্নয়নৰ দিশবোৰ আমি শিকি লৈ দুৰ্বল তথা বিকাশহীন জিলাসমূহত উন্নয়নমূলক কাম কৰিব পাৰো তাৰ চিন্তা কৰিব লাগিব৷ মোডীয়ে লগতে কয়, সমাজৰ সকলো লোকে সাৰ্বজনীন ভাৱে কাম কৰি গ’লে উন্নয়নৰ দিশত সহায় হ’ব৷