newsnextone.com | চামগুৰিঃ ৰাজ্যৰ ৭ খন জিলাৰ কেইবা লাখ লোকে বানৰ কৱলত পৰি হাহাকাৰ কৰিছে৷ শাসকীয় দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে গুৱাহাটীলৈ আহি কেৱল ভূমি পূজন কৰি দিল্লীলৈ উৰা মাৰিলে৷ বানৰ প্ৰলয় ৬ খন জিলাৰ লোকক বিপদত পৰি ককবকাই থকাৰ পিছতো এবাৰলৈ খবৰ লবলৈ আহৰি নাপালে ৰাষ্ট্ৰীয় সভাপতিয়ে৷ এতিয়ালৈ প্ৰায় ২০গৰাকী লোকৰ মৃত্যু হ’ল বানত৷

নিজৰ হেপাঁহৰ ঘৰখন এৰি এতিয়াও বহু লোকে আশ্ৰয় লব লগা হৈ আছে আশ্ৰয় শিবিৰত৷ এমুঠি ভাতৰ বাবে, এটুপি খোৱাপানীৰ বাবে আৰু এখন বস্ত্ৰৰ বাবে এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ৷ চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰিমাণো সীমিত৷ বানত জুৰুলা অসমৰ হাজাৰ হাজাৰ লোক এতিয়া ভোকত জুৰুলা৷

দেশৰ চৰকাৰে এবাৰলৈ খবৰ নললে অসমৰ বানৰ৷ কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২০ জুনত নগাঁও জিলাৰ পুৰণিগুদামৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰিব৷ দৃষ্টি ফাউণ্ডেচনৰ কমন চাৰ্ভিছ চেণ্টাৰত ভিডিঅ’ কনফাৰেন্স যোগে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব মোডীয়ে৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা ৯-৩০ বজাত পুৰণিগুদামস্থিত চিএছচি কেন্দ্ৰত ৫০-১০০ গৰাকী কৃষকৰ মনৰ কথা শুনিব৷ কৃষকসকলৰ বিভিন্ন সমস্যা বিশেষকৈ কৃষি বীমা, উন্নতমানৰ বীজ, সাৰ আৰু কৃষকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কত কৃষকসকলৰ লগত বাৰ্তালাপ কৰিব৷

অহা ২০ জুনৰ পুৱা ৯-৩০ বজাত পুৰণিগুদাম দৃষ্টি ফাউণ্ডেচনৰ চিএছচি কেন্দ্ৰত কৃষকক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে উদ্যোক্তাই৷ সবিশেষ জানিবলৈ ৭০০২৪৫৭৭৯৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি কয়৷