newsnextone.com | চামগুৰিঃ ৰাজ্যৰ ৭ খন জিলাৰ কেইবা লাখ লোকে বানৰ কৱলত পৰি হাহাকাৰ কৰিছে৷ শাসকীয় দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে গুৱাহাটীলৈ আহি কেৱল ভূমি পূজন কৰি দিল্লীলৈ উৰা মাৰিলে৷ বানৰ প্ৰলয় ৬ খন জিলাৰ লোকক বিপদত পৰি ককবকাই থকাৰ পিছতো এবাৰলৈ খবৰ লবলৈ আহৰি নাপালে ৰাষ্ট্ৰীয় সভাপতিয়ে৷ এতিয়ালৈ প্ৰায় ২০গৰাকী লোকৰ মৃত্যু হ’ল বানত৷
নিজৰ হেপাঁহৰ ঘৰখন এৰি এতিয়াও বহু লোকে আশ্ৰয় লব লগা হৈ আছে আশ্ৰয় শিবিৰত৷ এমুঠি ভাতৰ বাবে, এটুপি খোৱাপানীৰ বাবে আৰু এখন বস্ত্ৰৰ বাবে এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ৷ চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰিমাণো সীমিত৷ বানত জুৰুলা অসমৰ হাজাৰ হাজাৰ লোক এতিয়া ভোকত জুৰুলা৷