newsnextone.com | ডিজিটেল ডেস্কঃ সমাগত ২০১৯ৰ লোকসভা নিৰ্বাচনত পুনৰ এবাৰ বিজেপিৰ বিজয় শংখ বজাবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰদানমন্ত্ৰী নৰেন্দ মোডীয়ে৷ দেশবাসীৰ বাবে নতুন নতুন আঁচনি গ্ৰহণ কৰি বিজেপি চৰকাৰ যে কেৱল জনতাৰ বাবেই কাম কৰে পলমকৈ হ’লেও সেয়া প্ৰতিপন্ন কৰিব বিচৰা পৰিলক্ষিত হৈছে৷
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নমো এপৰ জৰিয়তে উজ্জ্বলা যোজনাৰ দ্বাৰা লাভপ্ৰাপ্ত সকলক সম্বোধিত কৰে৷ দেশবাসীক নিজৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাটো বিজেপি চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি কয় যে বিজেপিয়ে দেশৰ দৰিদ্ৰ মহিলাসকলক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে৷