প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ সমাগত ২০১৯ৰ লোকসভা নিৰ্বাচনত পুনৰ এবাৰ বিজেপিৰ বিজয় শংখ বজাবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰদানমন্ত্ৰী নৰেন্দ মোডীয়ে৷ দেশবাসীৰ বাবে নতুন নতুন আঁচনি গ্ৰহণ কৰি বিজেপি চৰকাৰ যে কেৱল জনতাৰ বাবেই কাম কৰে পলমকৈ হ’লেও সেয়া প্ৰতিপন্ন কৰিব বিচৰা পৰিলক্ষিত হৈছে৷ 

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নমো এপৰ জৰিয়তে উজ্জ্বলা যোজনাৰ দ্বাৰা লাভপ্ৰাপ্ত সকলক সম্বোধিত কৰে৷ দেশবাসীক নিজৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাটো বিজেপি চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি কয় যে বিজেপিয়ে দেশৰ দৰিদ্ৰ মহিলাসকলক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে৷

উজ্জ্বলা যোজনাৰ জৰিয়তে মোডী চৰকাৰে দলিত আৰু শোষিত সকলকো প্ৰাধান্যতা দিছে বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে৷ 

নমো এপৰ জৰিয়তে মোডীয়ে কয়, ‘‘আজি দেশৰ ১০০ টা দৰিদ্ৰ পৰিয়ালৰ ৮১ টা পৰিয়ালতে বিনামূলীয়া ইন্ধন গেছ প্ৰদান কৰা হৈছে৷ আনকি দেশবাসীৰ সুবিধাৰ্থে এলপিজি পঞ্চায়তৰ নিৰ্মাণৰো ব্যৱস্থা কৰা হৈছে৷’’

গ্ৰাম্য অঞ্চলসমূহ আগন্তক সময়ত ১ লাখ এলপি নিৰ্মাণৰ লক্ষ্যও বিজেপি চৰকাৰে স্থিৰ কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ তেওঁ পুনৰ কয় যে এটা সময়ত কেৱল ধনী আৰু প্ৰতিপত্তিশীল লোকেহে এলপিজিৰ সংযোগ লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু বৰ্তমান সকলো দৰিদ্ৰ পৰিয়ালেই এই সংযোগ লাভ কৰিব পাৰে৷

২০১৪ চনলৈ অৰ্থাৎ দেশত কংগ্ৰেছৰ শাসন কালত দেশৰ মাত্ৰ ১৩ কোটি পৰিয়ালেহে ইন্ধন সংযোগ লাভ কৰিছিল বুলি মোডীয়ে দাবী কৰে৷ ১৩ কোটি পৰিয়ালৰ ভিতৰত অধিকাংশই অৰ্থৱান আৰু প্ৰতিপত্তিশীল পৰিয়াল আছিল বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে কয়৷

কিন্তু বিগত ৪ বছৰৰ ভিতৰত দেশৰ ১০ কোটি দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া এলপিজি সংযোগ লাভ কৰিছে বুলি নমো এপৰ জৰিয়তে মোডীয়ে দাবী কৰে৷