newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীৰ হাতত পৰা এখন বিশেষ পত্ৰই ব্যাপক চৰ্চাৰ মাজলৈ আহিছে৷ পত্ৰ খনৰ মতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হত্যা কৰা হ’ব পাৰে বুলি উল্লেখ আছে বুলি প্ৰচাৰ হৈছে৷ মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীয়ে অভিযান চলাই ৫জনকৈ বিশেষ লোকক মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে৷

লোককেইজনক আটক কৰাৰ সময়তে এখন পত্ৰ উদ্ধাৰ হয়৷ পত্ৰ খনত উল্লেখ থকা মতে, মাওবাদীয়ে ‘আন এক ৰাজীৱ গান্ধী কাণ্ড’ সংঘটিত কৰিবৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলি উল্লেখ থাকে৷ পত্ৰ খনৰ মতে আন এক ৰাজীৱ গান্ধী কাণ্ড সংঘটিত হ’ব৷ ৰাজীৱ গান্ধীৰ দৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি সন্দেহ কৰা হৈছে৷

ইয়াৰ লগে লগে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমে এনেধৰণৰ খবৰ প্ৰচাৰ কৰাটো প্ৰধানমন্ত্ৰীৰ পুৰণি ৰণনীতি বুলি কয়৷ 

সঞ্জয়ে কয় ‘মই এই কথা সম্পূৰ্ণ অস্বাকীৰ কৰা নাই৷ কিন্তু এয়া প্ৰধানমন্ত্ৰীৰ পুৰণি ৰণনীতি হয়৷ যেতিয়া তেওঁ মুখ্যমন্ত্ৰী আছিল তেতিয়াৰ পৰাই এই কাণ্ড চলি আহিছে৷ যেতিয়া তেওঁৰ জনপ্ৰিয়তা কমি আহে তেতিয়াই তেওঁ ৰাজনীতিক হত্যাৰ খবৰ প্ৰচাৰ কৰে৷ এইবাৰ যেতিয়া এই খবৰ প্ৰচাৰ হৈছে এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে ইয়াৰ কিমান সত্যতা আছে৷’’

এলগাৰ পৰিষদ আৰু ভিমা কৰেগাঁও কাৰ্যসূচী অনুষ্ঠিত কৰা দলিত নেতা সুধীৰ ধাবলে, অধিবক্তা সুৰেন্দ্ৰ গাদলিং, মহেশ ৰাউট, শোমা সেন, ৰোণা বিলসেনক আটক কৰে আৰক্ষীয়ে৷ তেওঁলোকক শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক ন্যায়িক জিম্মাত দিয়ে৷ ইয়াৰ ৰোণা বিলসেনৰ ঘৰত পত্ৰখন উদ্ধাৰ হয়৷ পত্ৰ খনতেই ‘আৰু এটা ৰাজীৱ গান্ধী কাণ্ড’, ৪টা ৪-এম ৰাইফল, গুলী কিনাৰ বাবে ৮ কোটি টকা প্ৰয়োজনৰ কথা কথা উল্লেখ আছিল৷