মুম্বাইঃ চোছিয়েল মিডিয়াত পোষ্ট কৰি সততে বিতৰ্কত থকা বলীউডৰ ছবি নিৰ্মাতা ৰাম গোপাল বৰ্মাই আজি কৰা এটা মন্তব্য বিশেষভাৱে চৰ্চা লাভ কৰিছে। ছবি নিৰ্মাতাগৰাকীয়ে প্ৰায়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে যদিও এতিয়া যোগী আদিত্যনাথক লৈ মৰম উপজিছে ৰামগোপালৰ। 

দৰাচলতে ৰবিবাৰে ৰামুয়ে উত্তৰ-প্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী যোগী অাদিত্যনাথৰ ওপৰত ভৱিষ্যতবাণী কৰি টুইটাৰত এটা পোষ্ট দিয়ে। ছবি নিৰ্মাতাগৰাকীৰ মতে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীতকৈ বেছি উপযুক্ত যোগী। লগতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী যোগীয়ে হ’ব বুলি ভৱিষ্যতবাণী কৰে ছবি নিৰ্মাতাগৰাকীয়ে। 

বলিউডৰ এইজন নিৰ্মাতাই বিভিন্ন সময়ত এনেধৰণৰ মন্তব্য কৰি এক বিৰ্তক সৃষ্টি কৰি আহিছে। এই মন্তব্য বিৰুদ্ধে বহুজনে অভিযোগো দিছিল আৰক্ষীৰ ওচৰত।