তেজপুৰ টাউনঃ মহাসপ্তমীত দেৱীৰ কালৰাত্ৰী ৰূপৰ পূজাৰ পিছত আজি শক্তিৰ অধিস্থাত্ৰী দেৱী দুৰ্গাই ধাৰণ কৰিব কালীৰ-অষ্ট নায়িকা ৰূপ। আজি বধ কৰিব চণ্ড-মুণ্ড ৰক্তবীজক অাৰু আজিৰে পৰাই আৰম্ভ হ’ব বিভিন্ন থান-দেৱালয় সমূহত বলীবিধান লগতে কনো কনো মণ্ডপত কুমাৰী পূজাও অনুস্থিত কৰা হব।
সন্ধিয়া ৬-৫৫ পৰা আৰম্ভ হ’ব মহাঅষ্টমীৰ সন্ধিক্ষণ আৰু এই সময়তে বধ কৰিছিল দেৱীয়ে মহিষাসুৰক।সেয়েহে অসূয়া-অশান্তি দূৰ হোৱাৰ বাবে প্ৰাৰ্থনা জনাবলৈ পূৱাৰে পৰা তেজপুৰৰ বিভিন্ন মণ্ডপ সমূহত অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। তেজপুৰৰ ঐতিহ্যমন্দিত ভৈৰৱী মন্দিৰতো আজি মহঅষ্টমী উপলক্ষ্যে অগণন ভক্তৰ ভিৰ হয়।