ডিজিটেল ডেস্কঃ 'ভাৰতীয় সেনাৰ দৰেই অনুশাসনত চলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱকসকল। কিন্তু সীমান্তত যুঁজ দিবৰ বাবে কঁকালত টঙালি বান্ধি ওলাবলৈ তিনিদিন লাগে সংঘৰ সেৱকক।’ এই ভাষ্য সংঘৰ অধ্যক্ষ মোহন ভাগৱতৰ। ইমানখিনিলৈকে ঠিকেই আছিল, কিন্তু বৰ্ষীয়ান সেৱকজনে ভাৰতীয় সেনাবাহিনীৰ দক্ষতাক লৈ কৰা এক মন্তব্যই আউল লগালে। সংঘৰ সেৱকক যুদ্ধৰ বাবে সাজু হ’বলৈ ৩ দিন লাগে ঠিকেই, কিন্তু ভাৰতীয়া সেনাক হেনো লাগিব পাৰে ৬ মাহ পৰ্যন্ত।
বিহাৰৰ মুজফ্ফৰনগৰত দেওবাৰে দিয়া এক ভাষণত সেনাৰ দক্ষতাক লৈ আওপকীয়াকৈ কৰা কটাক্ষৰ পিছতে ফেচবুক, টুইটাৰকে ধৰি বিভিন্ন ছচিয়েল মিডিয়াত মোহন ভাগৱতক জবাবদিহি হ’বলৈ দি কৰা টুইট-পোষ্টৰ জোঁৱাৰ উঠিছে। টুইটাৰ-ফেচবুকত ট্ৰেণ্ডিঙত থকা #ApologiseRSS শীৰ্ষক এই অভিযানৰ পিছতেই সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছে।
Five Soldiers and a civilian have actually lost their lives while the Bravehearts of @RSSorg are busy berating our Armed forces, their training and sacrifices, with casual and derogatory remarks.#ApologiseRSS pic.twitter.com/BcmO3rZgsd
— All India Mahila Congress (@MahilaCongress) February 12, 2018
স্পষ্টীকৰণটোত কোৱা হৈছে যে মোহন ভাগৱতৰ ভাষ্যৰ বিকৃতিকৰণ কৰা হৈছে সংবাদমাধ্যমত। সংঘৰ সেৱকসকলৰ কঠোৰ অনুশাসনৰ কথা দোহাৰিবলৈহে সেনাৰ প্ৰসংগ অনা হৈছিল বুলি হিন্দীত লিখা সংঘৰ স্পষ্টীকৰণটোত কোৱা হৈছে।
বিষয়টো সন্দৰ্ভত বিভিন্ন দল-সংগঠন, বিৰোধীয়ে নিন্দা কৰি দিয়া টুইটত গেৰুৱা সংগঠনটোৰ মুৰব্বীজনৰ এনে 'অশোভনীয়’ মন্তব্য দেশৰ বিভিন্ন প্ৰান্তত দিনে-ৰাতিয়ে, ৰ’দে-বৰষুণে অতন্দ্ৰ প্ৰহৰী হৈ থকা ভাৰতীয় সেনাবাহিনীৰ প্ৰতি অপমানজনক বুলি কোৱা হৈছে।
The RSS Chief's speech is an insult to every Indian, because it disrespects those who have died for our nation.
— Office of RG (@OfficeOfRG) February 12, 2018
It is an insult to our flag because it insults every soldier who ever saluted it.
Shame on you Mr Bhagwat, for disrespecting our martyrs and our Army. #ApologiseRSS pic.twitter.com/Gh7t4Ghgon
এফালে জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰত সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আঁহুতি দিয়াৰ সময়ত মোহন ভাগৱতৰ এই মন্তব্যই সেনাৰ নৈতিক মনোবল হ্ৰাস কৰিব পাৰে বুলিও একাংশই মত প্ৰকাশ কৰিছে।