গুৱাহাটীঃ বিজয় দশমী৷ শাৰদীয় দুৰ্গা পূজাৰ আজি পঞ্চম দিন৷ ৫ দিনৰ বাবে মৰতত অৱতাৰ কৰি দেৱী দুৰ্গা শুকুৰবাৰে উভতি গ’ল৷ প্ৰতিগৰাকী দেৱী ভক্তৰ অন্তৰত শনিবাৰে বাজিল বিৰহ-বেদনাৰ গান৷ চৌদিশে তাল-খোল, শংখ বজাই দেৱী দুৰ্গাক বিদায় দিয়ে লাখ লাখ ভক্তই৷ অশ্ৰুশিক্ত নয়নে দেৱীৰ প্ৰতিমা বিসৰ্দন দিলে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ভক্তসকলে৷ ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ দিয়াৰ ফলত পূজাৰ আনন্দ কিছু ম্লান পৰে যদিও বিজয়া দশমীৰ বাবে ওলাই আহে দেৱী ভক্ত৷
গুৱাহাটী মহানগৰীৰ কাচমাৰি ঘাট, পাণ্ডু ঘাট আৰু চূণচালি ঘাটত প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰে কামৰূপ মহানগৰ প্ৰশাসনে৷ প্ৰশাসনে বিদ্যুৎ যোগান ধৰাৰ লগতে নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷ চৌদিশে আৰক্ষী-অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি সুৰক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসনে৷ বিদ্যুৎ পৰিষদ, নদী আৰক্ষী, চিকিৎসকৰ দল সাজু কৰি ৰাখে প্ৰশাসনে৷