গুৱাহাটীঃ আজি মহাষ্টমী৷ মহাষ্টমীৰ মূল আকর্ষণ কিশোৰী পূজা৷ দুর্গাৎসৱৰ সকলোতকৈ আকর্ষণীয় এই কিশোৰী পূজা। মহাষ্টমীত দুর্গাদেবীৰ চৰণত পুৱাৰে পৰা ভক্তসকলে পুষ্পাঞ্জলী দিয়ে। মহাষ্টমীতে কিশোৰীৰ মাজত শুদ্ধ নাৰীৰ ৰূপ চিন্তা কৰি দেবীৰূপে পূজা কৰা হয়৷ ৰাজ্য জুৰি এতিয়া দুৰ্গা পূজাৰ উলাহ৷ সকলোৰে দেৱী দুৰ্গাক সেৱা এটি কৰিবলৈ ভক্তি ভাৱেৰে ঘৰৰ পৰা ওলাই আহিছে৷
উজনি-নামণিৰ লগতে গুৱাহাটী মহানগৰতো দেখা গৈছে পূজাৰ ব্যাপক উলাহ৷ আৱাল, বৃদ্ধ, বনিতা, ডেকা সকলোৱে সাজি-কাছি পূজাৰ মণ্ডপলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ ভেটাপাৰা, ঘোৰামাৰা, গনেশগুৰী, হাতীগাঁও, নাৰেংগী, বৰবাৰী, চান্দমাৰী, বেলতলা আদিৰ লগতে প্ৰায় শতাধিক পূজা মণ্ডপত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে৷ বৃহস্পতিবাৰে সন্ধি পূজাৰ অন্তত শেষ হ’ব মহাষ্টমী।