77
নাওকাটাঃ পেটৰ তাড়নাত বহিঃ ৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিবলৈ যাবলগীয়াত পৰে ৰাজ্যখনৰ হাজাৰ হাজাৰ লোক৷ জীৱন-জীৱিকাৰ তাগিদাত বহিঃৰাজ্যলৈ গৈ একাংশ যুৱকে লটি-ঘটিৰ সন্মুখীন হবলগীয়া হয়৷ বহু যুৱক আজিও নিৰুদ্দেশ হৈ থকাৰ লগতে বহু যুৱক আক্ৰমণৰো বলি হৈ আহিছে।
ইয়াৰ মাজতে বহিঃৰাজ্যত কাম কৰিবলৈ গৈ ৰেলৰ পৰাই নিৰুদ্দেশ হয় বাক্সা জিলাৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰখুঁটি গাঁৱৰ অতুল ডেকাৰ পুত্ৰ তথা দুটি ল’ৰা সন্তানৰ পিতৃ মইনা ডেকা(৩৭)৷