শুক্লাইঃ ককালত খালৈ বান্ধি হাতত জাকৈ লৈ মাকৰ পাছে পাছে মাছলৈ যায় তাই৷ বোকা পানী গছকি জাকৈ টানি মাছ ধৰি ভাল পায়৷ স্কুলীয়া কালৰ পৰাই মাছ ধৰি আনন্দ লভে তাই৷ মাকৰ সমানে সমানে ঘৰৰ সকলো কাম কৰে তাই৷ দৰিদ্ৰ পৰিয়ায়ৰ জীয়ৰি হ’লেও পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব খোজে ছোৱালীগৰাকীয়ে৷ ছোৱালীগৰাকী হৈছে বিটিএডিৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ পূৱ বাবৰিখাট গাঁৱৰ মমী বড়ো।
মমী বড়ো উত্তৰ দৰং কনিষ্ঠ মহাবিদ্যালয়ৰ কলা শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী৷ পঢ়াই-শুনাই, কামে-বনে পাৰ্গত মমী৷ খেল-ধেমালি, বাগৰুম্বা নৃত্য কৰি ভাল পায় মমীয়ে৷ গাঁৱৰ আন দহগৰাকী জনগোষ্ঠীয় গাভৰুৰ দৰে মমীৰো পঢ়িবলৈ মন৷ মমীয়ে সৰু চাকৰি এটা হ’লেও কৰি পিতৃ-মাতৃক সুখ দিব বিচাৰে৷ যাৰ বাবে তাই নিতৌ মন দি পঢ়ে৷ লগতে ঘৰখনৰ প্ৰতিটো খবৰ ৰাখে৷