বঢ়মপুৰঃ ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সংস্কাৰ সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও একাংশ শিক্ষকৰ বাবে কাৰ্যসূচী সমূহ সফল ৰূপায়ণত বাধাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হয়৷ বিভিন্ন সময়ত একাংশ শিক্ষকে ধন ঘটাৰ ফাণ্ড পাতি বিভাগটোৰ কাম-কাজত বাধা হৈ থিয় দিয়াৰ অলেখ উদাহৰণ আছে৷ শেহতীয়াকৈ শিক্ষা বিভাগে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ লগতে নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰে৷
কিন্তু ৰাজ্যৰ বহু শিক্ষকে ছাত্ৰৰ পৰা পাঠ্যপুথি প্ৰদানৰ লগতে নামভৰ্তিৰ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয়৷ গ্ৰাম্য অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা গ্ৰহণৰ বাবে চৰকাৰী স্কুল কেইখনই একমাত্ৰ ভৰষা যদিও এই সুযোগ গ্ৰহণ কৰি একাংশ শিক্ষকে ধন সংগ্ৰহ কৰাৰ সুবিধা লয়৷