কোকৰাঝাৰঃ বিটিচিৰ কোকৰাঝাৰ জিলাৰ উজানপাৰা ভিচিডিচি অধ্যক্ষ বংকেশ্বৰ নাৰ্জাৰী আৰু ভিচিডিচিখনৰ দুগৰাকী সদস্যই বেংক একাউন্ট খুলি দিয়াৰ নামত দুবছৰ পূৰ্বে ৰাইজৰ পৰা প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰি সেয়া আজিলৈ উভতাই নিদিয়াত ৰাইজে শেহতীয়াভাৱে তেওঁলোকৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷
এজাহাৰত উল্লেখ থকা মতে উজানপাৰা ভিচিডিচিৰ সদস্য প্ৰদীপ বসুমতাৰীয়ে প্ৰায় দুবছৰ পূৰ্বে প্ৰথমে গাওঁখনৰ মহিনী বৰ্মন,আনটি বৰ্মন,ৰুপালী দাস,সন্মতি বৰ্মন,ধনেশ্বৰী ৰায়,মায়া বৰ্মন,চাৰুবালা বৰ্মন আৰু ভৈৰৱী বৰ্মনকে ধৰি আন একাংশৰ প্ৰয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰি সেয়া বেংক একাউন্ট খুলি এটিএম কাৰ্ডসহ উভতাই দিব বুলি প্ৰলোভন দিয়ে ৷