newsnextone.com| তেজপুৰঃ তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বা ব্যক্তিগত সহায়ক তুলসী প্ৰসাদ শৰ্মাই প্ৰাক্তন সাংসদ গৰাকীৰ প্ৰবঞ্চনাৰে পেঞ্চনৰ ধন, ভুমিৰ লগতে বিভিন্ন ধৰণতে ধন আত্মসাৎ কৰি বৰ্তমান পলাতক অৱস্থাত আছে। প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বাৰ অতি ঘনিষ্ঠ হৈ চুব্বাৰ অকল ব্যক্তিগত সহায়কে নহয় তেওঁৰ সকলো সা সম্পত্তি চোৱা চিতা কৰাৰ দায়িত্ব লৈ তুলসী শৰ্মাই চুব্বাৰ শেহতীয়াকৈ চুব্বাৰ সাংসদ আৰু বিধায়ক হিচাপে লাভ কৰা মাহেকীয়া ধন ভুৱা চহীৰ জৰিয়তে আত্মসাৎ কৰি আহিছে বুলি জানিব পৰা গৈছে।
