মোৰাঝাৰঃ ডক্টৰেট সন্মান লাভ কৰা হোজাইৰ আজমল ফাউণ্ডেছনৰ মুখ্য প্ৰৱন্ধক খছৰুল ইছলামক শুকুৰবাৰে আজমল ফাউণ্ডেছনৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

আজমল ফাউণ্ডেছনৰ সৈতে দীৰ্ঘদিনৰপৰা জড়িত হৈ শিক্ষা, স্বাস্থ্য আৰু সমাজসেৱাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা খচৰুল ইছলামক যোৱা ১৬ তাৰিখে নতুন দিল্লীত আয়োজিত এক সভাত ডমিনিকাৰ বাল্চব্ৰীজ বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে।

আজমল ফাউণ্ডেছনৰ মুখ্য প্ৰৱন্ধক খছৰুল ইছলামে এই সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰে হোজাইৰ বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজ, আজমল ফাউণ্ডেছনৰ সমূহ বিষয়ববীয়াৰ লগতে তেওঁৰ জন্মস্থান কৰিমগঞ্জৰ ৰাইজ।

অলপতে আজমল ফাউণ্ডেছনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰউদ্দিন আজমলে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি সম্বৰ্ধনা জনায়।

আজি আজমল ফাউণ্ডেছনৰ সমূহ কৰ্মকৰ্তাই তেওঁক জাপি, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।